মই ৰিটু মই HS পাছ কৰি BA 1st semester ত ভৰ্ত্তি হ'লো । মই ইয়াৰ আগত কাৰো প্ৰেমত পৰা নাই । কিন্তু মোৰ মনৰ এটা ইচ্ছা BAত নাম লগাই প্ৰেম কৰিম । তথাপিও আমাৰ ক্লাছৰ একেবাৰে দেখাত বেয়া, কুৎসিত ক'লা এজনী ছোৱালীৰ লগত ।
(আপোনালোকে হয়তো ভাবি আছে যে সকলোৱে সুন্দৰী+বগা ছোৱালী ভালপায় কিন্তু মই কিয় ক'লা ছোৱালী ভালপাব বিচাৰো- কাৰণটো অলপ পাছত কৈ আছো)
প্ৰথমদিন কলেজগৈ ক্লাছৰ সকলোতকৈ ক'লা ছোৱালী এজনী বিচাৰি আছিলোঁ । অৱশেষত দেখা পালো এজনীক একেবাৰে ক'লা । মনে মনে ভাবিলো যে মই মোৰ মনৰ ৰাণীক পালো ।
প্ৰথমদিন ক্লাছ বহুত সুন্দৰী সুন্দৰী ছোৱালী আহিছে সকলোৱে সুন্দৰী ছোৱালীসকলৰ লগত FRIENDSHIP কৰাত ব্যস্ত (মানে তামাম হুলাচতুল) কিন্তু সেইজনীৰ লগত কোনেও কথা পতা নাই । সেইকাৰণে তাই ক্লাছ ৰুমৰ খিড়িকী দি অকলে অকলে মনটো বেয়া কৰি বাহিৰ ফালে চাই আছে । মই তাৰ ওচৰত গৈ...
মই: হাই....মই ৰিটু
তাই: হাই....মই ছিমা
মই: তোমাৰ বন্ধু হব পাৰিম নে?
তাই: নিশ্চয়...(মই তাইৰ চকুত কিবা আচৰিত লগা যেন চাই আছোঁ কাৰণ তাইৰ লগত কোনেও বন্ধত্ব কৰিব নিবিচাৰে কিন্তু মই কিয় বন্ধত্ব কৰিলো তাইক হয়তো আচৰিত লাগি আছে)
মই: তেন্তে ব'লা...বাহিৰত গছৰ তলত বহি কথা পাতো।
তাই: হুম ব'লা...
মই: তুমি HIGHER SECONDARY ক'ত পঢ়িছিলা?
তাই: LAKHIPUR(লক্ষীপুৰ) HS SCHOOLত । আৰু তুমি?
মই: মই GOURNAGAR JUNIOR COLLEGEত
এনেকে আমি চিনাকী হ'লো । আমাৰ মাজত এটা ভাল বন্ধত্বৰ সম্পৰ্ক গঢ়ি উঠিল । কলেজত আহিলেই প্ৰথম মই ছিমাক বিচাৰি থাকো তাইও মোক বিচাৰি থাকে । ছিমাৰ লগত এদিন কথা নাপাতাকে থাকিব নোৱাৰোঁ তাইও একে । এদিন কলেজত মই ছিমাক ক'লো যে তোমাৰ লগত মোৰ কথা এটা আছে ।
ছিমা: কি কথা কোৱাচোন?
মই: বেলেগ একো নাভাবি--I LOVE YOU SIMA বুলি কৈ দি'লোঁ
মোৰ কথা শুনি ছিমাৰ চকুলো ওলাই গ'ল আৰু মোক তাই ক'লে এইটো একেবাৰে অসম্ভৱ ৰিটু !
মই: কিয় অসম্ভৱ?
ছিমা: কাৰণ মই ক'লা, দেখাত বেয়া!
মই: দেখাত বেয়া ক'লা তো কি হৈছে হা??? তোমাৰোতো ভাল পাবলৈ অন্তৰ আছে ।
ছিমা: কিন্তু তোমাৰ মা-দেউতা তোমাৰ frnds মোক কেতিয়াও মানি নলব!
মই: এইবিলাক তোমাক ভাবিব নালাগে অ'.....লাহে লাহে মই তাইৰ ওচৰত গৈ চকুপানী মচি দিলোঁ তাই মোক সাবটি ধৰি ক'লে-
ছিমা: মোক কেতিয়াও এৰি নাযাবাতো । চিৰজীৱন এনেকে ভাল পাবাতো। (ভাই অৰ বেহেনো চিনেমা নহয় যে সাবটি ধৰিলেই গান হ'ব । গান-চান একো হোৱা নাই কিন্তু দেই😎)
মই: কেতিয়াও এৰি নাযাওঁ অ', চিৰজীৱন এনেকে ভাল পাই থাকিম তোমাক।
এনেকে আৰাম্ভ হ'ল আমাৰ প্ৰেম । এদিন মোৰ বন্ধু এজন-তোৰ ৰুচিটো ইমান বেয়া ৰে...তই ছিমাৰ নিচিনা এজনী ছোৱালীক কি চাই ভালপালি ৰে...চে ।
আমাৰ frnd হোৱাৰ যোগ্য নাই তোৰ । তই আজিৰ পৰা আমাক নামাতিবি । মই বেলেগ একো নকই ওকে বুলি কৈ দিলোঁ ।
তাৰপাছৰ পৰা মই কলেজত অকলে অকলে আছিলোঁ । কোনো frnd নাছিল মোৰ । BA পাছ কৰিলোঁ । COMPANYত এটা JOB পালোঁ।
(BESIPANYত পোৱা হ'লে ভাল আছিলে নে কি কোৱা frnds??😝😝😝)
So, ভাবিলো যে এতিয়া ছিমাৰ কথা কৈ দিওঁ । এদিন মা-দেউতাক ক'লো কিন্তু মানি নলয় (ছিমা ক'লা দেখাত বেয়া)। তাৰপাছত মই অকলে মাক আকৌ এদিন ক'লো যে মা যদি তোমাৰ এজনী এনেকুৱা ছোৱালী থাকিল হয়......এনেকে বহুত কিবা কিবি কৈ মাক বুজালো । অবশেষত মা মানি ল'লে। দেউতাক ৰাজি কৰাবলৈতো মা আছেই ।
যিয়েই নহওক দেউতাও ৰাজি হ'ল । তাৰপাছত আমাৰ বিয়া হ'ল । এতিয়া আমি বহুত সুখত আছো । আমাৰ এজনী ছোৱালীও আছে😝😝😝 ।
(আচলতে ক'লা-বগা এইটো মতলব ৰাখিব নালাগে । মতলব হব লাগে সুখত থকাটো । মই বা আমি যদি এজনী ক'লা ছোৱালীক ভালপাই বিয়া পাতি সুখী হ'ব পাৰোঁ সেইটোৱে প্ৰকৃত সুখ ।
এনেকুৱা হাজাৰ হাজাৰ ছিমা আছে আমাৰ দেশত সিহঁতৰ কষ্টৰ কোনা শেষ নাই । বহুত কষ্টত সিহঁতে জীৱন কটাই আছে ।
এতিয়া কওঁ-
মই কিয় ক'লা ছোৱালী ভালপাব বিছাৰো কাৰণ ক'লা ছোৱালীসকলে বহুত বেছি ভালপাব জানে। কাৰণ সিহঁতৰ ভালপোৱা হেৰাই যোৱাৰ বহুত ভয় থাকে।
কিন্তু ৯০% বগা ছোৱালীয়ে ভাবে যে মই সুন্দৰী মোক এৰি গলেও মই বেলেগ পাম । already সিহঁতক কমেও ৫/৬ প্ৰপোজ কৰা থাকে । কিন্তু ক'লা ছোৱালীৰ মনত এনেকুৱা ভাব নাহে কেতিয়াও! আপোনালোকে কিবা কয়???