অভিশপ্ত ফুলশয্যা | অসমীয়া প্ৰেম কাহিনী | Asamiya | Assamese Romantic Love Story | Best Axomiya Love Story

Assamese Love Story

ফুলশয্যা, নিশা ৰমেন নিজৰ ৰুমলৈ সোমাই গল। পত্নী ৰশ্মি বিচনাত বহি আছিল । টেবুলত থকা গাখীৰৰ গিলাছটো দাঙি লওঁতেই নব বিবাহিতা পত্নী ৰশ্মিয়ে সুধিলে

"এগৰাকী পত্নীৰ অনিচ্ছা সত্বেও যদি স্বামীয়ে শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰে তেন্তে সেইয়া মৰম হ'ব নে ধৰ্ষণ হব?"

ৰমেনে গাখীৰৰ গিলাছটো ৰশ্মিলৈ আগবঢ়াই দি কলে

" তুমি ভাগৰি আছা ,এই গাখীৰ গিলাচ খাই শুই যোৱা। বেছিকৈ চিন্তা কৰি থাকিব নালাগে।"

কথাষাৰ কৈ ৰমেনে বিচনাৰ কাষতে ফল্ডিং বিচনা এখন বহুৱাই শুই পৰিল। ৰশ্মিয়ে বিচাৰিছিল কাজিয়া হওক ৰমেনৰ লগত মিলনৰ প্ৰথম ৰাতিতে। কিন্তু অতি সাধাৰণ ভাবে কথাকেইটা কৈ শুই যোৱা ৰমেনৰ ওপৰত খং কৰি তাইও শুই গল আনখন বিচনাত।

ৰশ্মিয়ে বিকাশ নামৰ এজন লৰাক ভাল পাইছিল। অৱশ্যে ঘৰৰ মানুহে বিকাশক অলপো ভালপোৱা নাছিল। বিকাশক ভালপোৱা বাবে ৰশ্মিয়ে বহুবাৰ মাক দেউতাকৰ লগত কাজিয়াও কৰিছিল। শেষত দেউতাকে আত্মহত্যা কৰিম কোৱাত ৰমেনৰ সৈতে বিয়া হ'বলৈ তাই মান্তি হ'ল।

তাই ৰমেনক বিয়া নকৰাবলৈ কৈছিল যদিও ৰমেনে ৰশ্মিক বিয়া নকৰাও বুলি দেউতাকক এবাৰো নকোৱাৰ বাবেই আজি ৰশ্মিয়ে ৰমেনক ঘৃণা কৰে।

ইয়াৰ পিছদিনা ৰশ্মি মাকৰ ঘৰলৈ গুচি গ'ল। দেউতাকে তাইক সদায় বুজাইছিল ৰমেন ভাল লৰা। বিবাহৰ পিছত স্বামীৰ ঘৰহে আচল ঘৰ ইত্যাদি ইত্যাদি।

ৰশ্মি কিন্তু অলপো মান্তি হোৱা নাছিল ৰমেনৰ ঘৰলৈ যোৱাত। ৰমেনে অবশ্যে প্ৰতিদিনে অফিচৰ পৰা অহাৰ সময়ত ৰশ্মিক আনিবৰ বাবে ৰশ্মিৰ দেউতাকৰ ঘৰত এপাক সোমাই আহিছিল।প্ৰায় একমাহ মান মাকৰ ঘৰত থকাৰ পাছত এদিন দেউতাকে ৰশ্মিক খঙত কোৱাত ৰশ্মিয়ে সন্ধ্যা ৰমেনৰ লগত ৰমেনৰ ঘৰলৈ উভতি আহিছিল।

 আহিয়ে ৰমেনক কৈছিল..

"মই কেৱল দেউতাৰ কথাত ইয়ালৈ আহিছোঁ। তোমাক মই স্বামী নাভাবো আৰু তুমি মোৰ পৰা আঁতৰত থাকিবা"

ৰমেনে ৰশ্মিৰ কথা মতেই অন্য এটা ৰুমত শুবলৈ গৈছিল।
পুৱা ৰমেনে অফিচলৈ বুলি যাবলৈ ওলাই ৰশ্মিক শুৱাৰ পৰা জগাই দিলে,

ৰশ্মিয়ে ৰমেনৰ খং উঠক বুলিয়ে কৈছিল
"মই নুঠু আৰু তুমি কত যোৱা গৈ থাকা। মই তোমাৰ বাবে এই পুৱাতে খাবলৈ একো ৰান্ধিবও নোৱাৰো।"

ৰমেনে একো নোকোৱাকৈ শুৱা ৰুমৰ পৰা ওলাই গল। ৰশ্মিয়ে ভাবিলে, এতিয়াটো ৰমেনৰ খং উঠিব খাবলৈ নাপালে 
। 
কিন্তু তাই আচৰিত হল। ৰমেনে চাহ আৰু ৰুটি লৈ ৰশ্মিৰ বিচনাৰ কাষ পালেহি
"এইয়া চাহ আৰু ৰুটি খাই লবা মই অহা অলপ পলম হব পাৰে। "

ৰশ্মিলৈ চাহৰ ট্রে খন আগবঢ়াই দি ৰমেন অফিচলৈ বুলি ওলাই গল। ৰমেন নম্ৰ স্বভাৱৰ। খং অলপো নাই। মাক দেউতাক নাইকিয়া আকলশৰীয়া ল'ৰা। ৰশ্মিৰ দেউতাকৰ সৈতে একে অফিচত চাকৰি কৰে। 

এইসূত্ৰে ৰশ্মিৰ দেউতাকে ৰমেনক ভালদৰে চিনি পায়। যথেষ্ট মৰম কৰে। ৰশ্মিয়ে ৰমেনক বিবাহৰ বাবে মান্তি নহ'বলৈ কৈছিল যদিও ৰশ্মিৰ দেউতাকক সন্মান কৰাৰ বাবেই ৰমেনে ৰশ্মিৰ কথা নামানি বিয়াৰ বাবে মত দিলে। 

বিয়াত ৰশ্মিৰ দেউতাকে ৰমেনক পাঁচ লাখ টকা আৰু এখন মাৰুটি গাড়ীও উপহাৰ দিছিল।
সন্ধ্যা 7 বজাত ৰমেন ঘৰ পালেহি। 

ৰশ্মিয়ে কাৰোবাক ফোন কৰি আছে। সি গৈ কাপোৰ সলাই চাহ একাপ খাবলৈ ললে। ৰশ্মিয়ে তাক শুনাই ফোনত কৈ আছিল 
" নাই নাই মই এতিয়া ভাত পানী বনাই খুৱাব নোৱাৰো। যাৰ খাব মন আছে বনাই খালেই হল।"

নিশা 9 বাজিল। ৰমেন টিভি চোৱাত ব্যস্ত। ৰশ্মিয়ে ৰমেনৰ পৰা টিভি ৰিমতটো লৈ তাক খঙত কলে
"মই কৈছিলোঁ ন মই ভাত বনাই খুৱাব নোৱাৰো। এতিয়া টিভি চাই থাকিবা নে ভাতো বনাই খুৱাবা"

ৰশ্মিয়ে অৱশ্যে ৰমেনৰ খং উঠি গালি পাৰক আৰু তাই এইটো কথা দেউতাকক কৈ ৰমেনক বেয়া বুলি প্ৰমাণ কৰিব খুজিছিল। কিন্তু ৰমেনে খং নকৰাকৈ উঠি গৈ ভাত ৰন্ধাত লাগিল।

নিশা 10.30 বজাত ৰমেনে ৰশ্মিক ভাত খাবলৈ মতে। 
" টিভি ওচৰত লৈ আনা মই উঠি যাব নোৱাৰোঁ" ৰশ্মিয়ে ৰমেনক কলে।

ৰমেনে ৰশ্মিলৈ টিভি ওচৰত ভাত যোগাৰ দি নিজেও খাবলৈ লৈছিলহে মাত্ৰ ৰশ্মিয়ে ভাতৰ কাঁহীখন দলিয়াই চিঞৰি উঠিল
" তোমাৰ মায়ে এনেকৈ জাৱৰ বনাই খুৱাইছিল ন মোকো যে এইসোপা বনাই খাবলৈ দিছা । মই নাখাও নিজেই খাই থকা।"

ৰমেনৰ এইবাৰ খং উঠিল। ভাত আধা খোৱা কৰি সি ৰশ্মিৰ ওচৰত আহি ৰশ্মিৰ গালত এটা চৰ মাৰি দিলে।
ৰশ্মিয়ে লগে লগে কান্দিবলৈ আৰম্ভ কৰিলে। ৰমেন গৈ নিজৰ ৰুমত সোমাই দৰ্জা মাৰি ললে আৰু ডায়েৰীখন উলিয়াই কিবা লিখিবলৈ ধৰিলে।

দিনবোৰ এনেকৈ পাৰ হ'ল। ৰশ্মিয়ে ৰমেন তাইৰ পৰা আঁতৰি যাওক বুলিয়েই ৰমেনৰ খং উঠা সকলো কাম কৰিবলৈ ধৰিলে। বিবাহৰ আগৰ প্ৰেমিক বিকাশৰ লগতো ৰমেনে শুনাকৈ কথা পতা আৰম্ভ কৰিলে। ৰমেনে সকলো দেখিও নিমাত হৈ থাকিল।

এদিন ৰমেন অফিচৰ পৰা আহি দেখে ৰশ্মিয়ে ফোনত কথা পাতি আছে। তাই কৈছিল
"কেৱল যৌতুকৰ বাবে মোক বিয়া পাতিছে"

ৰমেনে একো নোকোৱাকৈ ৰুমলৈ সোমাই গল। ৰশ্মিয়ে আকৌ ফোনত কবলৈ ধৰিলে
"আৰে মোৰ দেউতাই তাক পাঁচ লাখ টকা দিছে এখন গাড়ী দিছে । এতিয়া মোক divorce দিলে এইবোৰ হেৰুৱাব লাগে বুলিয়েই মোক divorce নিদিয়ে ন।"

ৰমেনৰ শুনিবৰ আৰু ইচ্ছা নোহোৱাত সি ঘৰৰ পৰা ওলাই আহিছিল। নিশা 12 মান বজালৈকে ৰমেন ঘূৰি নহাত ৰশ্মিৰ অলপ চিন্তা হৈছিল। ৰমেনক তাই বেয়া পাইছিল যদিও তাৰ কিবা অঘটন হোৱাটো তাই কোনোদিনে বিচৰা নাছিল।

তাই ৰমেনৰ লগত ফোনত কোনোদিনে কথা পতা নাছিল বাবে ৰমেনৰ ফোনৰ নম্বৰটো তাইৰ ওচৰত নাছিল। তাই একো ভাবি নাপাই ৰমেনৰ ৰুমলৈ গৈ তাৰ আলমাৰিটো খুলি চালে। এখন ডায়েৰী আছিল। 

ডায়েৰীত ৰমেনৰ নম্বৰ পাব বুলি তাই লগে লগে ডায়েৰীখন খুলি চালে । খুলি তাই হতভম্ব , ডায়েৰীখনত ডাঙৰকৈ ৰশ্মি বুলি লিখা আছিল।

উৎকণ্ঠা হৈ তাই এফালৰ পৰা পঢ়াত লাগিল। ৰমেনে ৰশ্মিক দেখাৰ দিনৰ পৰা ৰশ্মিৰ সকলো কথাই তাত লিখি ৰাখিছিল। ৰশ্মিয়ে এফালৰ পৰা পঢ়াৰ পাছত হঠাৎ এখিলা পাতত তাই ৰৈ গল। ৰমেনে ৰশ্মিলৈ লিখিছিল..........

"তোমাক দেখাৰ পৰাই মই তোমাৰ প্ৰেমিক। হ'ব পাৰো মই অনাথ কিন্তু তোমাৰ দেউতাক মই নিজৰ দেউতা বুলিয়ে ভাবো। মোৰ মা দেউতাক মই সৰুতেই হেৰুৱাইছে । অনাথ আশ্ৰমত থাকি পঢ়া শুনা কৰিছোঁ । তোমাৰ দেউতাৰ অফিচত মই যেতিয়া চাকৰিৰ বাবে গৈছিলোঁ তেতিয়া মই ঘোষ দিব নোৱাৰাৰ বাবে প্ৰথম অৱস্থাত চাকৰিটো পোৱা নাছিলোঁ। তোমাৰ দেউতা সৎ মানুহ আছিল বাবেই মোৰ যোগ্যতা চাই ওপৰৰ বিষয়ক খাতিৰ কৰি মোক চাকৰিটো দিছিল।

যিজন মানুহে মোক চাকৰি দি এটা জীৱন দিলে মই সেইজন মানুহৰ কথা নামনি তোমাক বিয়া নকৰুৱাকৈ কেনেকৈ থাকোঁ। তোমাৰ আগৰ প্ৰেমিক বিকাশ, লৰাটো মই চিনি পাওঁ। সি ভাল লৰা নহয়। আগত দুবাৰকৈ বিয়া কৰাইছে । প্ৰমাণ স্বৰূপে তাৰ বিয়াৰ ফটো তুমি এই ডায়েৰীখনতে পাবা। 

এইবোৰ তুমি শুনি কষ্ট পাবা বুলি তোমাক নোকোৱাকৈ দেউতাৰাই মোৰ লগত তোমাক বিয়া দিছিল।

ৰশ্মিয়ে ইমানখিনি পঢ়ি ডায়েৰীখন লুটিয়াই চালে আৰু বিকাশৰ দুখন বিয়াৰ ফটো তাতে পালে। তাইৰ চকুলো ওলাই আহিল। 

তাই আকৌ পঢ়িবলৈ ধৰিলে

"মই যৌতুকৰ বাবে তোমাক বিয়া কৰোৱা নাই। বিয়াত তোমাৰ দেউতাই দিয়া পাঁচ লাখ টকা মই তোমাৰ নামত বেংকত জমা কৰি থৈছো। documents বোৰ আলমাৰিৰ বেগ এটাত সযতনে ৰখা আছে। আৰু তোমাৰ দেউতাই দিয়া গাড়ীখনো মই আজিলৈকে ব্যৱহাৰ কৰা নাই। মই এতিয়াও বাছতেই অফিচলৈ যাওঁ। তুমি কেতিয়াবা মোক প্ৰেম কৰিলে দুয়ো একেলগে কৰবালৈ যাম বুলিয়ে আজিলৈকে চলোৱা নাই।"

ৰশ্মিয়ে আলমাৰিটোৰ ভিতৰত থকা বেগতো উলিয়াই আনি দেখে তাত এখন পাছবুক ,A.T.M. কাৰ্ড এটা আৰু গাড়ীৰ ছবিতো আছিল। তেনেতে কোনোবা অহা যেন পাই ৰশ্মিয়ে বেগটো থৈ ডায়েৰীখন লৈ দৌৰ মাৰি নিজৰ ৰুম সোমাই দৰ্জাৰ ফাঁকেৰে জুমি চালে। 

ৰমেন আহিছিল। তাই শান্তিৰ উশাহ লৈ বিচনাত বহি পুনৰ ডায়েৰীখন খুলি পঢ়িবলৈ ললে.!

"মই সেইদিনা তোমাক খঙত চৰিয়াই দিছিলোঁ। তুমি মোৰ মাক অপমান কৰি মোক কথা কৈছিলা। মোৰ মা যদিও জীয়াই থকা নাই তেওঁৰ আত্মাই মোক চাই আছে। গতিকে কোন মাকে এই কথা সয্য কৰিব। মই তোমাক কেৱল এইটো বুজাব বিচাৰিছিলোঁ যে মোক এৰি আনলৈ বিয়া হলেও আগলৈ তোমাৰো সন্তান হব। আৰু যদি তোমাৰ সন্তানৰ সন্মুখত তোমাক কোনোবাই অপমান কৰে তোমাৰ বাৰু কেনে লাগিব। 

মই তোমাৰ ওপৰত কোনোদিনে অধিকাৰ দেখাব যোৱা নাই। ডায়েৰীখনৰ শেষ পৃষ্ঠাত মই divorce পেপাৰ থৈছো । মই চহী কৰা আছে। তুমি যিদিনাই মোৰ পৰা আঁতৰি থাকিব বিচাৰা তাত চহী কৰি গুচি যাবা।"

সেইদিনা ৰশ্মিয়ে গোটেই ৰাতি নিজৰ ভুল উপলব্ধি কৰি কেৱল কান্দিছিল। পুৱা শুৱাৰ পৰা উঠি তাই ৰমেনে অফিচলৈ যাওঁতে খাই যাবলৈ ৰুটি বনোৱাত লাগিল। ৰমেনে আঠ বজাত শুই উঠি ৰশ্মিয়ে ৰুটি বনাই থকা দেখি ভাবিলে তাই নিজৰ বাবে বনাইছে চাগে। সেইবাবে সি গা ধুই আহি অফিচলৈ বুলি নোখোৱাকৈ উলাই গল।

ৰশ্মিয়ে ৰমেন যোৱা গম নাপাই তাক খাবলৈ বুলি মাতিব গৈ দেখে সি আগতেই ওলাই গৈছিল।

তাইৰ আকৌ মনটো বেয়া লাগি আহিল। মনৰ ভুল ধাৰণা আঁতৰাই তাইও সলনি হব বিচাৰিছিল। নিগৰি অহা চকুলো মোহাৰি ৰশ্মিয়ে টিফিন এটাত ৰুটিকেইখন ভৰাই ৰুমলৈ গৈ কপালত সেন্দুৰৰ ফোট আৰু শিৰত সেন্দুৰ লৈ ৰমেনে তাইক বিয়াত দিয়া পাতৰ কাপোৰ আৰু অলংকাৰ পিন্ধি হাতত টিফিনটো লৈ ওলাই আহিল।

টেক্সি এখনত উঠি তাই ৰমেনৰ অফিচ পালেগৈ। কইনাৰ সাজত হাতত টিফিন লৈ অহা ৰশ্মিক দেখি সকলোৱে পাগলী বুলি হাঁহিবলৈ ধৰিলে। ৰমেনে দেখা পাই আচৰিত হৈ তাইক হাতত ধৰি বাহিৰলৈ নিব খুজিছিল যদিও, ৰশ্মিয়ে সকলোৰে সন্মুখত চিঞৰি কলে-

"মই পাগলী নহয় ৰমেন হাজৰিকাৰ পত্নী ৰশ্মি হাজৰিকা"

ৰমেনৰ দুইখন হাতত ধৰি তাই আঁঠুকাহি ৰমেনক কলে i love you ... মই মোৰ সকলো ভুল বুজি পালো। পত্নীয়ে ভুল কৰিলে জানো স্বামীয়ে ভালদৰে বুজাই ক্ষমা কৰি দিব নালাগে জানো।

তুমি কিয় ডায়েৰী লিখাৰ সলনি মোক এবাৰ বুজাব চেষ্টা নকৰিলা?"

ৰমেন নিমাত হৈ ৰল.!

ৰশ্মিয়ে চকুলো নিগৰাই পুনৰ কলে " তুমি মোক আঁকোৱালি ল'বানে ?"

ৰমেনে এইবাৰ ৰব নোৱাৰি ৰশ্মিক তুলি লৈ সাবটি ধৰিলে। অফিচৰ সকলোৱে আনন্দত হাতচাপৰি বজাবলৈ ললে। ৰশ্মিয়ে ৰমেনৰ হাতখন জোৰকৈ ধৰি সকলোৱে শুনাকৈ চিঞৰি কলে-

"ৰমেনে হাজৰিকা কাইলৈ পৰা 15 দিন অফিচলৈ নাহে। আমি দুয়ো একেলগে ফুৰিবলৈ যাম । কোনেও যাতে একো কামত তেওঁক আমনি নকৰে"

কথাষাৰ কৈ ৰশ্মিয়ে ৰমেনক জোৰকৈ সাবটি ধৰি কলে বলা আমি আমাৰ জীৱন আৰম্ভ কৰোঁ,
আমাৰ 'নব-জীৱন"।।।
Bellal Hossain Mondal

Bellal Hossain Mondal, best known as Mr Alone, is an Indian Software Developer, Entrepreneur, Freelancer, Blogger, YouTuber, working on android application development for couple of years.

If have any doubts, please let me know

Post a Comment (0)
Previous Post Next Post

Archive Pages Design$type=blogging$count=2