![]() |
| Assamese Love Story |
তাই নাম চন্দনা, বতৰ্মান কলেজত পঢ়ি আছে।
সদায় কলেজলৈ বাছত অহা যোৱা কৰে । আজি পৰা প্ৰায় দুমাহ মানৰপৰা ল'ৰা এজনে তাইক অনুসৰণ কৰে ।
বাছ ষ্টেপেজত ৰৈ থাকে, তাই উঠা বাছখনতে উঠে । ল'ৰাজন ক'ত যায় তাই নেজানে । ছিট খালি থাকিলেও তাইৰ কাষত কেতিয়াওঁ নবহে ।
চন্দনাক সি দূৰৰ পৰাই মৰম লগাকৈ চাই থাকে ।
তাই প্ৰথম কেইদিনমান ল'ৰাজনলৈ খং উঠিছিল। কিন্তু এতিয়া ল'ৰাজনৰ প্ৰতি তাইৰ অন্তৰত কিবা যেন মৰম সোমাই পৰিছে । নাচাওঁ বুলিও তাই লুকাই চুৰকৈ তাক চাই ।
প্ৰথম প্ৰেমৰ আবেগ বোলে যথেষ্ট গভীৰ হয় । আকৌ পিছদিনা চন্দনা আহি বাছষ্টপেজত ল'ৰাজনক দুৰত ৰৈ থকা দেখা পালে ।তাৰ চকুত সেই একে চাৱনি ।
ইখনৰ পিছত সিখন বাছ আহিছে যদিও বাছত যথেষ্ট ভিৰ । তাই বাছত উঠিব পৰা নাই । ল'ৰা জনো কোনো এখন বাছত উঠা নাই ।
বতৰটো বেয়া কৰি আহিল । হঠাতে কৰ পৰা ফেৰ-ফেৰীয়া বলিয়া বতাহ এজাক আহিল, লগতে কিনকিনীয়া বৰষুণ এজাকো । ছাতিটো ননাৰ বাবে তাই নিজৰ ওপৰতে খং উঠিছিল , তেনেতে তাই দেখিলে ল'ৰাজন তাই ফালে আগুৱাই আহিল ,তেওঁৰ হাতৰ ছাতিটো মেলি দিলে চন্দনা মুৰৰ ওপৰত ।
তাইৰ ল'ৰা জনৰ চকুলৈ চোৱাৰ সাহক নাছিল, যদিও কেৰেহিকৈ চালে। এটা সময়ত বাছ আহিল, হঠাতে ল'ৰাজনে হাতৰ ছাতিটো তাইৰ হাতলৈ আগবঢ়াই দিলে লগতে এটা বগা এনভেলপো গুজি দিলে তাই আনখন হাতত ।
সি বাছত উঠি গ'লগৈ। চন্দনাই খামটো খুলি চালে, তাত এখন চিঠি আছিল ।
সি লিখিছে, তাইক দেখা পৰাই সি তাইৰ প্ৰেমত পৰিছে। নিজ মুখেৰে কথা খিনি ক'ব নোৱাৰা বাবে ভুল নুবুজিবা কাৰন মই জন্ম পৰাই কথা ক'ব পৰা শক্তিৰ পৰা বঞ্চিত হয় ।
মোৰ অৱস্থাতো কথা গ'ম পোৱাৰ পিছত নিশ্চয় তুমি আতৰি যাবা, যদি মোক গ্ৰহণ কৰা মোৰ কাষ চাপিবা । নহ'লে দুৰতে থাকিবা । তোমাক দুৰৰ পৰাই আজীৱন চাই থাকিম । উত্তৰ দিবা ।
ইতি
অনুপম
চন্দনাৰ হিয়াত লানি লিচিগা আশাৰ ঢ়ৌ সৃষ্টি হ'ল। পিছ দিনা চন্দনাই অনুপম ৰৈ থকা ঠাইলৈ গৈ তাই আগদিনা দিয়া ছাতিটো ওভতাই দিলে, লগতে তাই লিখা চিঠি খনো আগবঢ়াই দিলে।
চিঠিত তাই লিখিছে যে তাইকো ভগৱানে জন্মৰ পৰাই কথা ক'ব পৰা শক্তি নিদিলে । আৰু লিখিলে মোকো তুমি গ্ৰহণ কৰিবা নে ? তোমাৰ উত্তৰলৈ ৰৈ থাকিম।
ইতি
চন্দনা।
