দুখীয়া পৰিয়ালৰ এজন ল'ৰাৰ লগত একেখন গাওঁৰ এজনী দুখীয়া ছোৱালীৰ বিয়া হয়।
ল'ৰা জনৰ বয়স ২১ মান হব, আৰু ছোৱালী জনীৰ ১৬ বছৰ মান হ'ব।
বিয়াৰ পিছত ল'ৰা জনে ছোৱালী জনীক সুধিলে তোমাৰ কিবা ইচ্ছা আছে নে?
ছোৱালী জনীয়ে কলে- মোৰ ইঞ্জিনিয়াৰ হোৱাৰ আশা আছিল।
ইয়াৰ পিছত ল'ৰা জনে ছোৱালী জনীৰ ইচ্ছা পূৰণ কৰিবলৈ চহৰখনৰ আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়ত ভৰ্তি কৰি দিয়ে লিখা পঢ়া কৰিবলৈ।
ল'ৰা জনে প্রতি দিনে পুৱা ৪ বজাৰ পৰা ৰাতি ৯ বজালৈ পৰিশ্ৰম কৰ। ছোৱালী জনীৰ আৰু পৰিয়ালৰ খৰচ উলিয়ায়।
বিয়াৰ বহু দিন হ'লেও কিন্তু স্বামী স্তীৰ শাৰীৰিক সম্পৰ্ক হোৱা নাই।
ছোৱালী জনীৰ বন্ধু বান্ধৱী সকলে কেতিয়া বা যদি প্রশ্ন কৰে ল'ৰা জন কোন?
তেতিয়া ছোৱালী জনীয়ে উত্তৰ দিয়ে দাদা বুলি!
ল'ৰা জনে কেতিয়াবা ৰিক্সা চলাব, কেতিয়াবা দিন হাজিৰা কৰে, কেতিয়াবা ইটা ভাতাত, আকৌ কালিৰ কাম মানে যেতিয়া জী কাম পায় তাকেই কৰে।
এইদৰে ছোৱালী জনীৰ কাৰণে, নিজৰ কথা ভাবিবলৈ যেন আৰীয়েই নাই, অকল ছোৱালী জনীক ইঞ্জিনিয়াৰ বনাব লাগে।
হঠাৎ পৰীক্ষা আহিল। ছোৱালী আৰু ল'ৰাৰ চকুত টোপনি নাই। ল'ৰা জনে ২০ ঘন্টা কাম কৰে, বাকী ৪ ঘন্টা সংসাৰৰ সকলো কাম ৰন্ধা বৰাৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱা লৈকে সকলো কৰে।
এই দৰে ছোৱালী জনীৰ পৰীক্ষা শেষ হল। ইয়াৰ পিছত ল'ৰা জনৰ কাম অলপ কমিল। পৰীক্ষাৰ ফলাফল ওলালগৈ উত্তীৰ্ণ হ'ল।
ভাল ঠাইত চাকৰি পালে, বহুত টকা পইচাৰ গৰাকী হল, ডাঙৰ অট্টালিকা গাড়ী আৰু বহুতো। বিভিন্ন ঠাইৰ পৰা বিয়াৰ প্রস্তাব আহিবলৈ ধৰিলে।
কিন্তু কোনেও নাজানে তাইৰ বিয়া হ'ল নে নাই বা তাইৰ স্বামী কোন?
ছোৱালী জনীয়ে ডাঙৰ বাংলো বনালে ডাঙৰ পাৰ্টী দিলে। কিন্তু কোনেও নাজানে কিহৰ কাৰণে এই পাৰ্টীৰ আয়োজন।
সকলোৱে মিলি ছোৱালী জনীক সুধিলে কিহৰ নো এই পাৰ্টী?
ছোৱালী জনীয়ে কলে- ৰাতি ১২ বজাত কম কিহৰ পাৰ্টী।
ল'ৰা জনে সেই লুঙ্গি, গামোছা আৰু ভটা চোলা খন পিন্ধি ঘৰৰ চুকত বহি আছিল। ৰাতি ১২ বাজী গল লগে লগে ছোৱালী জনীয়ে ল'ৰা জনক হাতত দৰি কেক ৰখা ঠাইত লৈ আহিল!
তাত নি কলে সন্মানীয় পুৰুষ আৰু মহিলা সকল, এইজনক কোনোবাই চিনি পাইছেনে? যাৰ মাথাৰ ঘাম মাটিত পেলাই নিজে খাই নাখাই মোক লিখা পঢ়া কৰালে।
এইজন আন কোনেওঁ নহয় মোৰ প্রাণ প্রিয় স্বামী, যাৰ লগত বিয়াৰ বহুত দিন হ'ল আজিলৈ শাৰীৰিক সম্পৰ্ক হোৱা নাই!
তাইক এই কাপোৰ পিন্ধাই ৰখাৰ কাৰণ জাতে আপোনালোকে তাইক চিনিব পাৰে ।এই ঘৰ-বাৰী, গাড়ী, টকা পইচা তাইৰ গাৰ এক টোপাল ঘামৰ দামও নহয়।
মই তেওঁৰ স্ত্ৰী, মোৰ যি আছে তাৰ ১০০ গুণ দিলেও মোৰ স্বামীক এৰি নাযাও । এয়াই হয়তো স্বামী স্ত্ৰীৰ প্ৰকৃত ভালপোৱা।