কাল্পনিক হয়, কিন্তু বৰ্তমান বাস্তৱত হৈ থকা কাহিনী! | Fictional, but the story that is currently in reality | Asamiya| Assamese Romantic Love Story | Best Axomiya Love Story

Assamese Love Story

তাই: কি কৰিছা?

সি: অলপ ব্যস্ত আছোঁ, পাছত মই নিজে ফোন কৰিম! Bye

তাই: কি হ'ল ফোন কৰিম কৈ নকৰিলা যে?

সি: কামৰ প্ৰেচাৰত পাহৰিয়েই থাকিলোঁ অঃ, কোৱা কি আছে ক'বলৈ?

তাই: কি আছে ক'বলৈ?? হয় মই মানি লৈছোঁ তোমাৰ কামৰ ব্যস্ততাত মোলৈ ফোন কৰিব নোৱাৰিলা কিন্ত এতিয়াটো ফ্ৰি পাইছা কোনোবা আপোন এজনৰ লগত কথা পতাৰ দৰে পাতা!

সি: আৰে কথা বহলাই নাথাকা কিবা কোৱা যদি জলদি কোৱা মোৰ টোপনি ধৰিছে!

তাই: ঠিক আছে Good night

সি: Good night

তাই: Hello অফিচৰ বাহিৰলৈ আহিব পাৰিবা নেকি?

সি: Ohh god..! ইয়াত আকৌ কিয় পালাহি? ৰোৱা দুই মিনিট গৈ আছোঁ!

সি: কিয় আহিছা আকৌ ইয়ালৈ?

তাই: মোৰ লগত ৰিলেশ্বন ত থাকিব মন আছে নে নাই তোমাৰ?

সি: মইতো কোৱা নাই থাকিব নিবিচাৰোঁ বুলি?

তাই: অঃ তুমি কোৱা নাই! কিন্তু তোমাৰ প্ৰতিটো অৱহেলাই মোক প্ৰমাণ কৰি দিছে যে তোমাৰ মোৰ প্ৰতি কোনো Interest নাই! মই এইটো ক'ব যোৱা নাই যে তুমি মোৰ লগত অনবৰতে কথা পাতি থাকা, মোক ফুৰাবলৈ লৈ যোৱা, ৰেষ্টুৰেণ্ট ত সোমাই কফি খুৱাব কোৱা নাই। মাত্ৰ মোক অলপ সময় দিয়া কোনোবা এজন আপোন মানুহৰ দৰে কথা পাতা! মই ধৰিব পৰা নাই তোমাৰ এই সলনি কিহৰ!

মোৰ লাষ্ট Decision মই Breakup বিচাৰো তোমাৰ পৰা! আৰু তোমাৰ মৌনতা বোৰেই মোক বুজাই দিছে তোমাৰ মোক ক'বলগীয়া কথাবোৰ Bye Forever...

এইবোৰ কৈ গুচি গল, মই বাধা নিদিলোঁ! বাধা দিবলৈ মন নোযোৱা নহয় কিন্তু অধিকাৰ খিনি নিজেই হেৰুৱাই পেলালোঁ, এতিয়া তাই তাইৰ মতে আৰু মই মোৰ মতে! সেইবোৰ মোৰ অজুহাত নাছিল অঃ..!

এফালে ঘৰৰ প্ৰেচাৰ ভাইটিক টকা অলপ দে Admission ৰ বাবে,

দেউতাৰ অপাৰেচনটো কৰি দিওঁ টকা অলপ পাৰিলে পঠাই দিবি! নানা ধৰণৰ কামৰ বাবে টকা।

টকাৰে ভালপোৱা সচাই জুখিব নোৱাৰি অঃ... যদি সেই ভালপোৱাৰ বিশ্বাস, নিঃস্বাৰ্থ প্ৰেম, Care নাথাকে কিহৰ ভালপোৱা সেইটো!

এতিয়া তাইৰ হৃদয়ত মোৰ বাবে কিমান ভালপোৱা জীয়াই আছে নাজানো কিন্তু এটা কথাই জানো বহুত ভালপাওঁ তাইক..! এতিয়াও ৰাতি তাইৰ মেছেজবোৰ পঢ়ি কওঁ “আই মিছ ইউ"

কাল্পনিক হয় কিন্তু বৰ্তমান বাস্তৱত হৈ থকা কাহিনী!🙂🍁
Bellal Hossain Mondal

Bellal Hossain Mondal, best known as Mr Alone, is an Indian Software Developer, Entrepreneur, Freelancer, Blogger, YouTuber, working on android application development for couple of years.

If have any doubts, please let me know

إرسال تعليق (0)
أحدث أقدم

Archive Pages Design$type=blogging$count=2