ছোৱালী এজনীয়ে ২০ টা মান মিচকল দিয়াৰ পিছত ল'ৰাটোৱে Call Back নকৰা দেখি , তালৈ Direct Call কৰিলে ।
ল'ৰা: হেল্ল'
ছৱালী = তুমি ইমান কনজোছ নে ? ইমান মিচকল দিছো , তথাপিও তুমি ফোন এটা নকৰিলা !!
ল'ৰা: মোবাইলত বেলেঞ্চ নাই ।
ছোৱালী: আৰে ! লোণ লৈওতো কল এটা কৰিব পাৰিলা হয় !
ল'ৰা: লোণ লোৱাই আছে । বেলেঞ্চ মাইনেচত হে আছে ।
ছোৱালী: ৰাতিপুৱাৰ পৰা কি কৰি আছিলা ? ইমান ফোন কৰাৰ পিছটো এই ভৰ দুপৰীয়া হে ৰিচিব কৰিছা যে !
ল'ৰা: শুই আছিলো ।
ছোৱালী: এতিয়ালৈকে শুই আছা যে ? ইমান আৰাম কৰিব লাগে নে ?
ল'ৰা: আৰাম নহয় । এইটো হ'ল মনিবেগ খালি থকাৰ প্ৰতিক্ৰিয়া ।
ছোৱালী: মানে ??
ল'ৰা: মানে টোপনিত থাকিলে ভোক নালাগে !
ছোৱালী: তাৰ মানে তোমাৰ ওচৰত দুপৰীয়াৰ সাজটো খাবলৈও পইচা নাই ।
ল'ৰা: নাই ! যেনে তেনে লগৰ এটাৰ পৰা ২০ টকা মেনেজ কৰিলো আৰু ।
ছোৱালী: ২০ টকাত নো কি খাবলৈ পালা ?
ল'ৰা: চাহ একাপ আৰু ১০ টকীয়া ব্ৰেড এটা খালো । পাঁচ টকা এটা জেপতথৈ দিছো !
ছোৱালী: এইগিটা খায়েই তোমাৰ পেট ভৰিলে নে ?
ল'ৰা: অ' !
ছোৱালী: এতিয়া কি খাবা ?
ল'ৰা: খালো ।
ছোৱালী: ক'ত ?
ল'ৰা: হলত । চিনেমা চাই চাই খালো ।
ছোৱালী: কি চিনেমা ?
ল'ৰা: ভোকাতুৰ মানৱ ।
ছোৱালী: হা হা হা !
ল'ৰা: হাঁহিছা কিয় ?
ছোৱালী: বাৰু বাদ দিয়া এইবোৰ । হেল্প এটা কৰিব পাৰিবা নেকি ?
ল'ৰা: কোৱা ।
ছোৱালী: তোমাৰ একাউণ্টত পইচা অলপ ভৰায় দিম । তুমি ওলিয়াই পেলাই মানুহ এজনক দিব পাৰিবা নে ?
ল'ৰা: থিক আছে ।
বেঙ্কৰ পৰা টকা উলিওৱাৰ পিছত ল'ৰাটোৱে ছোৱালী জনিক ফোন কৰি সুধিলেঃ
ল'ৰা: হেল্লো', টকা ওলিয়ালো । কাক দিব লাগে কোৱা ?
ছোৱালী: ভাল হোটেল এখনত গৈ ভালদৰে এসাজ খাই লোৱা ! বাকিখিনি পইচা ভালদৰে জেপত থৈ দিয়া ।
ল'ৰা: তাৰ পিছত ?
ছোৱালী: তাৰ পিছত হলত গৈ চিনেমা এখন চোৱাগৈ ।
ল'ৰা: তাৰ পিছত ?
ছোৱালী: গোটেই চিনেমাখন চোৱাৰ পিছত মোবাইলত ৰিচাৰ্জ কৰিবা।
ল'ৰা: তাৰ পিচত !
ছোৱালী: তাৰ পিছত মোলৈ ফোন কৰি চিনেমাখনৰ কাহিনীটো কবা ।।