Assamese Love Story |
প্ৰেমিকা:- ১৪ তাৰিখে মোক লগ কৰিবা দেই !!
প্ৰেমিক:- চিঅ'ৰ ক'ব নোৱাৰিম । আজৰি থাকিলে লগ কৰিম ।
প্ৰেমিকা:- থিক আছে । মোৰ বাবে কি আনিবা ?
প্ৰেমিক:- কিবা আনিব লাগিব নি ?
প্ৰেমিকা:- উমমম !!
প্ৰেমিক:- কিয় ? তোমাৰ জন্মদিনতো এপ্ৰিলত হে ? এতিয়াতো ফেব্ৰুৱাৰী মাহহে ।
প্ৰেমিকা:- সেই বাবেইতো কৈছো
প্ৰেমিক:- কিন্তু কিয় ?
প্ৰেমিকা:- তুমি সঁচাকৈয়ে নাজানা নে ?
প্ৰেমিক:- তোমাৰ মুখেৰে শুনিব খুজিছো ।
প্ৰেমিকা:- সেইদিনটোত , মানুহে ভালপোৱা জনক কিবা কিবি উপহাৰ দিয়ে ।
প্ৰেমিক:- কি দিয়ে ?
প্ৰেমিকা:- ফুল , চকলেট , ভাল ভাল গিফ্ট্ আদি দিয়ে ।
প্ৰেমিক:- কিয় দিয়ে ?
প্ৰেমিকা:- ভালপোৱা প্ৰকাশ কৰিবৰ দিয়ে আকৌ !!
প্ৰেমিক:- এইবোৰ নিদিলে ভালপোৱা কমি যায় নেকি ?
প্ৰেমিকা:- নাযায় !
প্ৰেমিক:- তেনেহ'লে ?
প্ৰেমিকা:- সকলোৱে দিয়ে বাবে কৈছো আকৌ !!
প্ৰেমিক:- তাৰমানে , মইও কিবা এটা দিব লাগিব নি ?
প্ৰেমিকা:- হুমম । একো দিব নোৱাৰিলেও , ফুল এপাহটো দিব পাৰিবা !
প্ৰেমিক:- দিব পাৰি । পিছে কি লাভ হ'ব ? অলপ পিছতেই টো সেইপাহ মৰহি যাব !!
প্ৰেমিকা:- কি হ'ল পিছে ? গছত থাকিলেও এদিন নহয় এদিন মৰহি যাবই!!
প্ৰেমিক:- গছত থাকিলে সি কেতিয়াও নষ্ট হৈ নাযায় । ৰূপৰ হে পৰিৱৰ্তন হয় । তথাপিও তাৰ নিজস্বতা থাকিব ।
প্ৰেমিকা:- তাৰমানে ফুল এপাহ ও নিদিয়া ?
প্ৰেমিক:- নিদিয়াই ভাল । অযথা নিজ হাতে ফুল এপাহ নষ্ট কৰি অকনো ভাল নালাগে !!
প্ৰেমিকা:- একোৱেই নানা ?
প্ৰেমিক:- কেৱল মইহে যাম ।
প্ৰেমিকা:- নালাগে যা । ব্ৰেকআপ ।
প্ৰেমিক:- মানে ?
প্ৰেমিকা:- তোমাৰ লগত আৰু মোৰ কোনো সম্পৰ্ক নাই !
প্ৰেমিক:- আগতে আছিল জানো ?
প্ৰেমিকা:- মানে ? নাছিল নেকি ?
প্ৰেমিক:- নাছিল যেনেই লাগিছে ।
প্ৰেমিকা:- কি কৈছা তুমি ?
প্ৰেমিক:- থকা হ'লে ইমান সহজে ব্ৰেকআপ দিব নোৱাৰিলা হয় । মূৰ্খৰ দৰে ফুল এপাহৰ বাবে কাজিয়াও নকৰিলা হয় !! মোৰ চকুলৈ চাই অথবা মোৰ হাতত হাত থৈয়েই ভালপোৱা অনুভৱ কৰিব পাৰিলা হয় ! হাজাৰ গিফ্ট্ ৰ কথা নকৈ , মোৰ সৈতে কটোৱা হাজাৰ মিনিটৰ স্মৃতি ৰোমন্থন কৰিয়েই হাঁহিব পাৰিলা হয় !!!
___________________________________________
প্ৰেমিক:- কি হ'ল ?
প্ৰেমিকা:- বহুত ভাল পাও তোমাক ।
প্ৰেমিক:- এই অলপ আগতেই দেখুন ব্ৰেক আপৰ কথা কৈছিলা ?
প্ৰেমিকা:- খঙত কৈছিলো ।
প্ৰেমিক:- ইমান জল্ডি খং শেষ হৈ গ'ল ?
প্ৰেমিকা:- হুমমম ।
প্ৰেমিক:- বাৰু !! থিক আছে । কি ফুল আনিব লাগিব ?
প্ৰেমিকা:- নালাগে আনিব ।
প্ৰেমিক:- নহ'ব । মই আনিমেই !! নহ'লে ভালপোৱা কেনেকৈ প্ৰকাশ হ'ব । স্মৃতিবোৰ টো ধৰি ৰাখিব লাগিব । সেইবোৰ নহ'লে কি হ'ব ?
প্ৰেমিকা:- চুপ !! কেৱল তুমি আহিলেই হ'ব !!
প্ৰেমিক:- কিয় ?
প্ৰেমিকা:- কাৰণ , মোৰ বাবে তুমিয়েই সকলো !!
প্ৰেমিক:- ইমান সোনকালে কেনেকৈ বুজিলা ? তোমাৰ IQ টেষ্ট কৰিব লাগিব ।
প্ৰেমিকা:- দৰকাৰ নাই !! তুমি লগত থাকিলে সকলো ভালেই থাকিব ।
প্ৰেমিক:- পাগলী !! মই সদায় তোমাৰ লগতেই আছো !!!
(বন্ধু বান্ধৱীসকল ভালপোৱা প্ৰকাশ কৰিবৰ বাবে ১৪ ফেব্ৰুৱাৰীৰ পশ্চিমীয়া সংস্কৃতিৰ প্ৰয়োজন নাই !! ভালপোৱা সকলো সময়ৰেই সংগী ।)