আই লাভ ইউ টু কান্দুৰী | Asamiya | Assamese Romantic Love Story | Best Love Story

Assamese Love Story

এবাৰ ছোৱালী এজনী আৰু লৰা এটাৰ ব্ৰেক-আপ হল ৷ ইজনে সিজনক বহুত ভাল পাইছিল, কিন্তু ভুল বুজাবুজিৰ বাবে সিহতৰ সমন্ধ অন্ত পৰিছিল ৷

কিন্তু ঘটনাক্ৰমে দুয়ো এদিন এটা ডাঙৰ কোম্পানীৰ ইন্টাৰভিউ দিবলৈ গৈ লগা লগি হল ৷ খা-খবৰ সুধি ছোৱালী জনীয়ে কলে --

ছোৱালী:- শুনিছো, তোমাৰ নতুন Gf জনী বোলে বহুত ধুনীয়া ৷

লৰা:- লগৰ বোৰে তেনেকৈ কয় ৷(কিন্তু তোমাতকৈ ধুনীয়া নহয়)

ছোৱালী:- তাই বোলে বহুত ডাঙৰ কোম্পানীত চাকৰি কৰে..?

লৰা:- হয় ৷ বহুত দৰমহা পায় ৷(কিন্তু তাই মোক তোমাৰ দৰে মৰম দিব নোৱাৰে)

ছোৱালী:- মনে মিলা ছোৱালী পাই গলা যেতিয়া, বিয়া কেতিয়া পাতিবা..? (তুমি যাৰ লগতে নাথাকা, মই তোমাক সদায় ভাল পাই থাকিম)

লৰা:- পাতিলে জনাম দিয়া ৷(মিছাকে কৈছো প্লিজ নাকান্দিবা)

ছোৱালী:- শুভেচ্ছা জনালো, ভালদৰে থাকিবা।(তোমাৰ সুখেই, মোৰ সুখ)

ছোৱালীজনীৰ চকু চলচলিয়া হৈ গল, যেনে তেনে চকুলো সামৰি বিদায়লৈ যাব লওঁতে লৰাটোৰ হাতখন ৰুমালেৰে মেৰিয়াই থোৱা দেখি কলে ---

ছোৱালী:- কি হল হাতত..?

লৰা:- তোমাক এটা কথা কোৱাই নাই,আমাৰ ব্ৰেক-আপ হল ৷

ছোৱালী:- কিয় ? আকৌ নতুন কৰোবাক লগ পালা নেকি ?

লৰা:- সিদিনা তাই মোক টেটু কৰি তাইৰ নামতো মোৰ হাতত লিখিলব কৈছিল ৷ মইও তাইৰ কথা মতে আৰ্টিছৰ ওচৰলৈ গলো ৷ কিন্তু কিয় নাজানো,যেতিয়া আৰ্টিছ জনে গাৰ্লফেৰ্ন্দৰ নামতো সুধিলে,তেতিয়া মই তোমাৰ নামটো কৈ দিলো আৰু তোমাৰ নামতো মোৰ হাতত লিখা হৈ গৈছে ৷ তোমাৰ নাম মোৰ হাতত দেখা পাই তাই মোক এৰি গুছি গ'ল । 

ছোৱালীজনীৰ চকু পানী উলাই আহিল,তাই লৰাটোক সাৱতি ধৰি কান্দি কান্দি কলে -

ছোৱালী:- তুমি মোক ইমান ভালপোৱা..?

লৰা:- বহুত বহুত ভাল পাও ৷

ছোৱালী:- আই লাভ ইউ বান্দৰ ৷

লৰা:- আই লাভ ইউ টু কান্দুৰী ৷কান্দোনৰ মাজতে হাঁহিৰ খলকনি উঠিল ।

প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেম সচা হলে দুটা শৰীৰত এটা আত্মা থকা যেন হয় ৷ ভুল বুজা বুজি হোৱাতো স্বাভাৱিক । এইবোৰ বাধা আতৰাই আগুৱাই যোৱাতো সচা প্ৰেমৰ লক্ষণ ৷
Bellal Hossain Mondal

Bellal Hossain Mondal, best known as Mr Alone, is an Indian Software Developer, Entrepreneur, Freelancer, Blogger, YouTuber, working on android application development for couple of years.

If have any doubts, please let me know

إرسال تعليق (0)
أحدث أقدم

Archive Pages Design$type=blogging$count=2